বৰণ

বৰণ
🌸
🌸
🌺
🌸

বৰণ

তুমি আহিলে বসন্ত নামে,
নীৰৱ বতাহে গান গায়,
তোমাৰ চকুৰ মিঠা পোহৰত
মোৰ সপোনবোৰে বৰণ পায়।

♡ ───────── ♥ ───────── ♡

তোমাৰ হাঁহিটো যেন জোনাকী,
এন্ধাৰ ৰাতিৰ কোমল পোহৰ,
এবাৰ চালে হেৰাই যাওঁ মই—
তোমাৰ সেই মায়াবী বৰণত।

♡ ───────── ♥ ───────── ♡

তুমি কাষত থাকিলে সময়
লাহে লাহে ৰৈ যাব খোজে,
তোমাৰ এটি মিঠা মাততেই
হৃদয়খন মোৰ কবিতা হয় পৰে।

♡ ───────── ♥ ───────── ♡

যদি প্ৰেমৰো কোনো বৰণ থাকে,
সেই বৰণ তোমাৰেই হওক—
মোৰ প্ৰতিটো সপোনৰ আকাশত
তোমাৰেই বৰণ চিৰদিন ৰওক।