শৈশৱৰ দিনবোৰ
কলিজা উজাৰি হাঁহিছিলোঁ আমি,
কঁহুৱা কোমল মন লৈ।
আজি সেই দিনবোৰ মনত পেলাই,
উজাগৰে কটাওঁ ৰাতি।
গাঁৱৰ সেউজীয়া পথাৰত দৌৰিছিলোঁ,
খালি ভৰিৰে মাটিৰ গোন্ধ লৈ।
পদূলিত ক্ৰিকেট খেলিছিলোঁ,
গছৰ ছাঁত জিৰণি লৈ।
আইতাই কোৱা সাধুবোৰত,
ৰাজকুমাৰ হৈ উৰিছিলোঁ।
আইৰ হাতৰ লাড়ু খাই,
মাকোৰ টোপনি গৈছিলোঁ।
বৰষুণত তিতি নাচিছিলোঁ,
শিয়ালৰ বিয়াত ছাতি মেলিছিলোঁ।
ৰামধেনু দেখি ৰং মনেৰে,
ৰঙীন পৃথিৱী সাজিছিলোঁ।
আজি এই ব্যস্ত পৃথিৱীত,
হেৰুৱাই পেলাইছোঁ সেই হাঁহি।
সপোনবোৰ আজিও মনত পৰে,
আশা কৰোঁ, পুনৰ ঘূৰি আহিব সেই শৈশৱ।
Comments
Post a Comment