আশাৰ দীঘল ৰাতি
নিশাৰ অন্ধকাৰ কেতিয়াবা ঘন হয়,
সপোনবোৰো যেন অন্ধকাৰত হাৰি যায়।
মনে কয় এইবাৰ শেষ,
আশাৰ দীপটো নুমাই গলে শেষ।
মানুহবোৰ ক’লা ছাঁ হৈ ওলায়,
আপোন বুলি যি, সিহঁতে আঁতৰি যায়।
নুমাই পৰে হৃদয়ৰ জোনাক,
জীৱন যেন অচিন এক খেলাঘৰ।
পিছে ঠিক সেই মুহূৰ্ততে,
এটা শব্দ বাজে “উঠ!”
নোহোৱা স্বৰে কয় “এতিয়াও শেষ নহয়”,
“হেৰোৱা মানে শেষ নহয়, এটা নতুন পথ।”
মই আকৌ আগবাঢ়োঁ,
ভাঙি থকা আশা উথাই লওঁ।
যি হেৰাল, তাক স্মৃতি হিচাপে ৰাখোঁ,
আৰু যি আহিব, তাক বুকুত স্থান দিওঁ।
মোক ৰখাবলৈ, কোন অন্ধকাৰ?
মই নিজেই অগ্নি, নিজেই জ্বলা ধৰাৰ।
পথৰ কাঁইটেই মোৰ জুতা বনাইছোঁ,
মই থমকি নাযাওঁ , মই সময়কো নচলাওঁ।
Comments
Post a Comment